• Admin

LICৰ IPO বা প্ৰাৰম্ভিক সাৰ্ব্বজনীন প্ৰস্তাবে ২০ কোটি বিনিয়োগকাৰী সংযোজন কৰাৰ সম্ভাৱনা আছে।


২০১৯ চনৰ শেষৰ ফালে IPO বা প্ৰাৰম্ভিক সাৰ্ব্বজনীন প্ৰস্তাবৰ বাবে আছিল এটা বিশেষ সময়। এই সময়ছোৱাতে LICৰ প্ৰাৰম্ভিক সাৰ্ব্বজনীন প্ৰস্তাবৰো ঘোষণা কৰে ভাৰত চৰকাৰে।

উল্লেখনীয় যে LIC হ’ল ভাৰতৰ ভিতৰতে এটা সৰ্ববৃহ বিত্তীয় প্ৰতিষ্ঠান। ২০১৯ বিত্তীয় বৰ্ষত LICৰ বজাৰত নতুন পলিচিৰ ক্ষেত্ৰত দখল (বা market share) আছিল প্ৰায় ৭৫%, প্ৰথম বছৰৰ প্ৰিমিয়ামৰ ক্ষেত্ৰত এই দখল আছিল প্ৰায় ৬৬% আৰু ২০১৯ বিত্তীয় বৰ্ষত LICয়ে মুঠ লাভালাভ কৰিছিল প্ৰায় ২.৬ লাখ কোটি টকাৰ।

ফৰ্বছ আলোছনীখনে অলপতে প্ৰচাৰ কৰা এটি লেখনিৰ মতে দেশৰ আগশাৰীৰ বিত্তীয় অনুষ্ঠান ম’তিলাল অ’ছৱালে ব্যক্ত কৰে যে LICৰ IPOই দেশত প্ৰায় ২০ কোটি নতুন বিনিয়োগকাৰী সংযোজন কৰিব। এইটো নিঃসন্দেহে এটা ভাল খবৰ আৰু ই এক আশাৰ বতৰাও আনে যে LIC ভৱিষ্যতে আৰু অধিক সৱল বিত্তিয় প্ৰতিষ্ঠান ৰুপে গঢ় লৈ উঠিব আৰু দেশৰ উন্নতিত আৰু অৱদান আগবঢ়াব।

এতিয়া একমাত্ৰ চিন্তা হ’ল যে চৰকাৰে যাতে নিজৰ ভাগৰ অংশ কোনো বেচৰকাৰী প্ৰতিষ্ঠানক বিক্ৰি কৰি LICক যাতে এটা ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান স্বৰুপ কৰি নুতোলে। ১৯৫৬ চনৰ এক বিশেষ অধিনিয়ম মতে LICৰ গঠন কৰা হৈছিল। আৰু কেন্দ্ৰীয় চৰকাৰৰ LICত অংশ হ'ল ১০০%।


এটা কথা এইখিনিতে উল্লেখ কৰিব লাগিব যে ব্যক্তিগত খণ্ডত হোৱা উন্নয়ণে দেশপ্ৰত্যক্ষ উন্নতি নুবুজাই । দেশৰ উন্নতিৰ বাবে দেশৰ সম্পদসমূহৰ লগতে বিভিন্ন চৰকাৰী প্ৰতিষ্ঠানসমূহো চৰকাৰে এক সাৰ্ব্বজনীক দৃষ্টিভঙ্গীৰে চৰকাৰী খণ্ডতে ৰাখি লাভজনক কৰি তোলাহে সকলোৰে কাম্য।

16 views0 comments

Recent Posts

See All