• Admin

PRFDA আৰু পেন্সন ফাণ্ড মেনেজমেন্টৰ স্থায়ী লাইচেন্চ: শেহতীয়া বাতৰি

PRFDA বা Pension Funds Regulatory & Development Authority এ শেহতীয়া ভাৱে জাৰী কৰা FDI (Foreign Direct Investment) মূলক এক চাৰ্কুলাৰৰ আওঁতাত স্থায়ী পেন্সন ফাণ্ড মেনেজাৰৰ লাইচেন্চ দিয়াৰ প্ৰস্তুতি কৰা বুলি জানিবলৈ পোৱা গৈছে।


ইয়াৰ আগতে এনেধৰণৰ পেন্সন ফাণ্ড মেনেজমেন্টৰ লাইচেন্চ দিয়া হৈছিল কেৱল মাত্ৰ ৫ বছৰৰ বাবে।


ভাৰতীয় অধিনিয়ম মতে পেন্সন ফাণ্ড মেনেজমেন্ট প্ৰতিষ্ঠান বিলাকক পেন্সন ফাণ্ড মেনেজমেন্টৰ বাদে বেলেগ কোনো ধৰণৰ ব্যৱসায় কৰিবলৈ অনুমতি প্ৰদান কৰা নহয়, আৰু তেনেস্থলত ৫বছৰীয়া লাইচেন্চৰ প্ৰতিবন্ধকতাই বিনিয়োগকাৰী সকলক বিনিয়োগ কৰাত কোনোধৰণৰ উত্‍সাহ যোগাব পৰা নাছিল। স্থায়ী লাইচেন্চৰ প্ৰৱৰ্ত্তনৰ জৰিয়তে বিনিয়োগকাৰী সকলক পেন্সন ফাণ্ড মেনেজমেন্টত বিনিয়োগ কৰিব পৰাকৈ যথোচিত ভাৱে উত্‍সাহিত কৰিব বুলি ইয়াৰ পৰা আশা কৰিব পাৰি।


২০১৯চনৰ অক্টোবৰ মাহত পেন্সন খণ্ডটোত বিদেশী বিনিয়োগৰ শতাংশ বঢ়াই ৪৯% কৰা হ'ল। কিন্তু বিদেশী স্বত্তাধিকাৰৰ সঠিক অংশ গণনা কৰা ক্ষেত্ৰত সেই সময়ত কোনো ধৰা বন্ধা খাটাং নিয়ম নাছিল। PRFDAএ শেহতীয়া ভাৱে জাৰী কৰা এইখন চাৰ্কুলাৰে এই ক্ষেত্ৰত বহুখিনি স্পষ্টতা আনি দিছে।


এই চাৰ্কুলাৰ খনে প্ৰত্যক্ষ আৰু পৰোক্ষ স্বত্তাধিকাৰৰ ক্ষেত্ৰত থকা সীমাৰেখাডালো সঠিক ভাবে অংকণ কৰিছে। লগতে এই চাৰ্কুলাৰখনে LICৰ দৰে বিত্তিয় প্ৰতিষ্ঠান আৰু বেংক বিলাকৰ ক্ষেত্ৰত থাকিবলগীয়া পাৰ্থক্যখিনিকো উনুকিয়াই দিছে।


এটা কথা এইখিনিতে উল্লেখনীয় যে পেন্সন ফাণ্ডৰ ২০১৮ চনৰ বজাৰ অংশ আছিল ২৫,০৭৮ বিলিয়ন টকাৰ। আৰু অহা ৫ বছৰত এই অংশ মিশ্ৰসূতত প্ৰায় ১৪.৩৩% বাঢ়ি ২০২৫ চনলৈকে ৬২৩৫৩ বিলিয়ন টকা হোৱাৰ সম্ভাৱনা আছে।


9 views0 comments